জোনাই , ৮ ডিচেম্বৰ :---
অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা প্ৰাপক তথা মিচিং সমাজৰ বিশিষ্ট লোকশিল্পী সৰ্বানন্দ মেদকৰ মৃত্যু তিথিৰ লগত সংগতি ৰাখি আজি জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰাৰ লগতে 'সৰাফুলেৰে মালা গাঁথি ' নামৰ অসমীয়া আধুনিক গীতৰ সংকলন পুথি এখন উন্মোচন কৰা হয়। প্ৰথমতে অসম চৰকাৰৰ বিষ্ণু ৰাভা বঁটা প্ৰাপক, মিচিং সমাজৰ লোকশিল্পী সৰ্বানন্দ মেদকৰ মৃত্যু তিথি উপলক্ষে তেওঁ প্ৰতিমূৰ্তি জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱৰ দ্বাৰা মাল্যাৰ্পণ কৰি শ্ৰদ্ধাঞ্জলি জনোৱা হয়।ইয়াৰ পিছত জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাত ড0 পবিত্ৰ কুমাৰ পেগুৰ অসমীয়া আধুনিক গীতৰ সংকলন 'সৰাফুলেৰে মালা গাঁথি' শীৰ্ষক পুথিখন আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠাকাৰ্যবাহী প্ৰধান লোহিত ডেকাই উন্মোচন কৰে। আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰৰ অনুষ্ঠান কাৰ্যবাহী প্ৰধান লোহিত ডেকাই নিজৰ ভাষণত সংস্কৃতিয়ে সমন্বয়ৰ সাঁকো গঢ়ে বুলি উল্লেখ কৰি মিচিং লোকসংস্কৃতিৰ সাধক প্ৰয়াত সৰ্বানন্দ মেদক আৰু তেওঁৰ সহধৰ্মিণী প্ৰয়াত মিলাদৈ মেদকে মিচিং সংস্কৃতি জগতলৈ আগবঢ়োৱা মৌলিক অনবদ্যক শলাগ লয়। তদুপৰি তেওঁ অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অৱসৰপ্ৰাপ্ত উপ-সঞ্চালক, বিশিষ্ট শিল্পী, লেখক ড0 পবিত্ৰ কুমাৰ পেগুৰ 'সৰাফুলেৰে মালা গাঁথি' অসমীয়া আধুনিক গীতৰ পুথিখন অসমীয়া সংগীত জগতলৈ অমূল্য অৱদান বুলি মন্তব্য কৰে। জোনাই প্ৰেছ ক্লাৱৰ সাধাৰণ সম্পাদক মনোজ প্ৰজিপতিয়ে আঁত ধৰা আৰু সাংবাদিক ভাস্কৰ জ্যোতি টায়েঙে আদৰণি ভাষণ দিয়া সভাখন উদ্বোধন কৰে মিচিং দৃৰবৃ কেবাঙৰ কোষাধ্যক্ষ হৰি প্ৰসাদ মিলিয়ে। সভাত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড0 হৰকান্ত পেগু, ডিব্ৰুগড় বিশ্ববিদ্যালয় অধ্যাপিকা আৰাধনা বৰঠাকুৰ, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, বিশিষ্ট শিল্পী, লেখক ড0 পবিত্ৰ কুমাৰ পেগু, ডা: জীৱন চন্দ্ৰ দলে, জ্যেষ্ঠ নাগৰিক দুৰ্গা ৰেগন, ডা: ধনঞ্জয় পাইত, বিশিষ্ট কবি মাধৱ পাৱ, মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড0 সুখলতা ফুকন গগৈ, জ্যেষ্ঠ নাগৰিক জন্মেজয় মেদক, ৰবি কুম্বাং, বিষ্ণু পেগু, হীৰেন মেদক, নৃপেন মেদক, সূভৰাম টাঞ আদিয়ে বহুমূলীয়া বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত বিশিষ্ট শিল্পী দিপ্তীৰাণী পেগুৱে মিচিং লোকগীত পৰিবেশন কৰে। অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়োৱাই সাংবাদিক বিজয় বৰিয়ে।



No comments:
Post a Comment
say somethings