Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

 



   
 জোনাই ৬/১১/২১ 
ধেমাজি জিলাৰ জোনাই মহকুমাৰ লাইমেকুৰীত আজি দুপৰীয়া ১ বজাত ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে পথ দুৰ্ঘটনা৷ জোনাই লাইমেকুৰীৰ ১৫ ৰাষ্ট্ৰীয় ঘাইপথত খোজ  কাঢ়ি গৈ থকা দুজন যুৱকক পিছ পালৰ পৰা AR 01E 7272 নম্বৰৰ তীব্ৰ বেগী Scorpio গাড়ী খনে খুণ্ডা মৰাত যুৱক দুজন গুৰুত্বৰ বাবে আহত হয়৷ স্থানীয় ৰাইজে তৎক্ষনাত ১০৮ এম্বুলেন্সৰ সহায়ত যুৱক দুজনক জোনাই সমুহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে যদিও চিকিৎসকে যুৱক দুজনক মৃত বুলি ঘোষণা কৰে৷   নিহত যুৱক দুজন হ’ল লাইমেকুৰী গাওঁৰ বিকাশ ওৰপে ঠাকুৰ পামে (২৩) আৰু চন্দ্ৰজিত টায়ে (২৭)৷  আনহাতে দুৰ্ঘটনা সংঘটিত কৰি গাড়ীসহ চালকজন পলাবলৈ চেষ্টা কৰে যদিও জোনাই আৰক্ষীৰ তৎপৰতা অসম - অৰুনাচল সীমান্তৰ ৰুকচিনত গাড়ী সহ চালক জনক আটক কৰিবলৈ সক্ষম হয়৷ ইফালে নিহত যুৱক দুজনৰ পৰিয়ালক লোকে দুৰ্ঘটনা সংঘটিত কৰা দোষী ব্যক্তিজনক উচিত শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে আৰক্ষীক৷

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib