Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]





জোনাই 7 নবেম্বৰ:- সামৰণি পৰিল গোৰ্খা জনগোষ্ঠীৰ কৃষিভিত্তি উতসৱ ৰমাইলো তীহাৰ I সমগ্ৰ অসমৰ লগতে জোনাইতো জনগোষ্ঠীটোয়ে উলহ-মালহেৰে পালন কৰিলে ৰমাইলো তীহাৰ I পাঁচ দিনিয়াকৈ চলা ৰমাইলো তীহাৰৰ কাৰ্তিক মাহৰ ত্ৰয়োদশীৰ দিনা জনগোষ্ঠীটোৰ ঘৰে ঘৰে কাউৰী পূজাৰে তীহাৰ উতসৱ আৰম্ভ কৰে I গোৰ্খা জনগোষ্ঠীৰ লোকবিশ্বাস মতে কাউৰী যম ৰজাৰ দূত হিচাপে ধৰি কাউৰী চৰাইক ভাত, ফল মূল , বিভিন্ন ব্যঞ্জন প্ৰদান কৰি কাউৰীক স্মৰণ কৰা হয় I কাউৰী তীহাৰৰ পিছদিনা কুকুৰ তীহাৰ পালন কৰা হয় I জনগোষ্ঠীৰ লোকবিশ্বাস অনুসৰি কুকুৰক যম ৰজাৰ বাৰ্তাবাহক হিছাপে ধৰি কুকুৰত পূজা কৰে I গোৰ্খা সমাজে কুকুৰক প্ৰাণীকুলৰ ভিতৰত বিশ্বাসৰ প্ৰাণীৰূপে গন্য কৰি কুকুৰ পূজা কৰে I কুকুৰ তিহাৰৰ দিনা জনগোষ্ঠীটোয়ে কুকুৰক মালা পিন্ধাই, পূজা কৰি বিভিন্ন ব্যঞ্জন খাবলৈ দি কুকুৰক আদৰ কৰে I তিহাৰৰ তৃতীয় দিনাৰ কাৰ্যসূচী অনুসৰি গোৰ্খা সমাজে গাই গৰুক পূজা কৰে পুৱাই জনগোষ্ঠীটোৰ ঘৰে ঘৰে গাইক গা ধুৱাই ফুট, মালা লগাই পূজা কৰি বিভিন্ন পিঠাজাতীয় খাদ্য খাবলৈ দিয়া হয় I সন্ধিয়া সময়ত কৃষিজীৱী জনগোষ্ঠীটোয়ে লক্ষ্মীপূজা কৰে আৰু পদুলি, পথাৰ, ঘৰ, ভড়াল, বন্তি প্ৰজলন কৰি কীট পতংগৰ লগতে জীৱ জন্তুৰ পৰা শস্যক ৰক্ষা কৰিবলৈ মা লক্ষ্মীক আৰধানা কৰে I গাই তীহাৰৰ সন্ধিয়াৰ পৰা জনগোষ্ঠীটোৰ মহিলা, যুৱতী, কিশোৰীয়ে ঘৰে ঘৰে গৈ ভৈলী গীত গায় নাচ গান কৰি উতসৱ মুখৰ সুচনা কৰে I তীহাৰৰ চতুৰ্থ দিনা হলি তীহাৰ হিচাপে গোৰ্খা জনগোষ্ঠীটোয়ে বলধ গৰুক গা ধুৱাই, ফুট ফুলৰ মালা পিন্ধাই পিঠা খাবলৈ দি মৰম স্নেহ আৰু শ্ৰদ্ধা কৰে I সন্ধিয়া ভাগত জনগোষ্ঠীটোৰ ডেকা গাভৰু, যুৱক যুৱতী সকলোয়ে এক গোট হৈ ঘৰে ঘৰে গৈ দেউচী গীত মাত প্ৰদৰ্শন কৰে I আৰু জেষ্ঠ জনৰ পৰা আশীক লৈ 
  গৃহস্থক কুশল মংগলৰ লগতে উন্নতিৰ বাবে আশীৰ্বাদ দিয়ে I এই ঘৰে ঘৰে দেউচী খেলা পৰ্ব পূৰ্নীমালৈ চলে I তীহাৰৰ অন্তিম দিন ভাতৃ দ্বিতীয় দিন গোৰ্খা জনগোষ্ঠীৰ বাবে অতি গুৰুত্বপূৰ্ণ I জনগোষ্ঠীটোৰ ভাতৃ আৰু ভগ্নীৰ মিলনৰ উৎসৱ এই দিন I এই উৎসৱত ভগ্নীয়ে ভাই ফোটা পৰ্বৰ আয়োজন কৰে I এই পৰ্বত ভগ্নীয়ে ভাতৃক পূজা অৰ্চনা কৰি কপালত ভাতৃৰ সু-স্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ফুট পিন্ধোৱাৰ লগতে নাৰ্জী ফুৱৰ মালা পিন্ধাই আশীৰ্বাদ দি নিজ হাতে প্ৰস্তুত কৰা বিভিন্ন ব্যঞ্জনেৰে তৈয়াৰ কৰা খাদ্যসমুহ খাবলৈ দিয়ে I তদুপৰি ভাতৃ ভগ্নীৰ মাজত উপহাৰ আদান প্ৰদান কৰা হয় I  

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib