Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

জোনাই 5 নবেম্বৰ:- ধেমাজি জিলাৰ জোনাই মহকুমা অন্তৰ্গত মিছিং কৃষ্টি ভৱনৰ প্ৰাংগনত সাত দিনীয়া কাৰ্যসূচীৰে আজিৰেপৰা আৰম্ভ হৈছে অসমী বাণিজ্য মেলা ও মহিলা সমাৰোহ I অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান, পোহৰ আদৰ্শ মণ্ডল পৰ্য্যায়ৰ উদ্যোগত আৰু নাৱাৰ্ডৰ অৰ্থ সহযোগত সপ্তাযোৰা কাৰ্যসূচীৰে আৰম্ভ হৈছে অসমী বাণিজ্য মেলা ও মহিলা সমাৰোহ I
 অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযানৰ অধীনত থকা প্ৰায় 24 টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰা মেলা ও সমাৰোহৰ মুল তোৰণ উন্মোচন কৰে ধেমাজি জিলাৰ উপায়ুক্ত বিজয় ভাস্কৰ ৰেড্ডীয়ে I বাণিজ্য মেলাত বিভিন্ন সামগ্ৰী
 সমুহ নিজ হাতে প্ৰস্তুত কৰি অংশগ্ৰহণ কৰা সকলো আত্মসহায়ক গোটকে উপায়ুক্তগৰাকীয়ে সলাগ লোৱাৰ লগতে ধন্যবাদ জ্ঞাপন কৰে I
 তদুপৰি তেওঁ মহিলাসকলে ঘৰতে প্ৰস্তুত কৰা খাদ্য, বস্ত্ৰ কে ধৰি বিভিন্ন সামগ্ৰী সমুহৰ প্ৰদৰ্শন ও বিক্ৰীৰ বাবে এই মেলা অনুষ্ঠিত কৰা হৈছে বুলি জনায় I লগতে তেওঁ মহিলাসকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীসমুহ বিক্ৰীৰ বাবে অনলাইন ব্যৱসায়ীৰ পোষকতা কৰে I ফ্লিপ কাৰ্ড, এমাজন, স্নেপডিলৰ দৰে প্ৰতিষ্ঠিত এপৰ জৰিয়তে ৰেজিষ্টেচন কৰি থলোৱা মহিলাসকলে উত্পাদন কৰা সামগ্ৰীসমুহ মহিলাসকলে কেনেদৰে বিক্ৰী কৰিব পাৰে তাৰ বাবে জোনাই মহকুমাত প্ৰশাসনে এখন কৰ্মশালা অনুষ্ঠিত কৰিব বুলি জনায় I 
তদুপৰি মেলাত উপস্থিত থাকি নাৱাৰ্ডৰ লখিমপুৰ জিলা উন্নয়ন প্ৰৱন্ধক অম্লান ৰঞ্জন তামুলীয়ে জনায় যে মহিলা সকলে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰীক লৈ এটা ব্ৰেণ্ড তৈয়াৰ কৰিবলৈ চেষ্টা চলাই থকা হৈছে I তদুপৰি তেওঁ জনায় যে মহিলাসকলে যিকোনো সামগ্ৰী প্ৰস্তুত কৰি কেনেদৰে নিজকে সফল উদ্যোগী ৰূপে গঢ়িব পাৰে তাৰো প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হৈছে I

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib