Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

জোনাই 5 নৱেম্বৰ : আজি সুধাকন্ঠ ড৹ ভূপেন হাজৰিকাৰ দশম শংখ্যক মৃত্যুবাৰ্ষিকী ৷ ২০১১ চনৰ আজিৰ দিনটোতে শেষ নিঃশ্বাস ত্যাগ কৰিছিল সুধাকন্ঠই ৷ আজি সুধাকন্ঠৰ মৃত্যুবাৰ্ষিকীক সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল জোনাই গান্ধীৰোডত সহিত্যনুষ্ঠান প্ৰগতি চ'ৰা আজি সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা  দশম বাৰ্ষিক মৃত্যু তিথি উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বন্তি প্ৰজ্বলনৰ শুভাৰম্ভ কৰে প্ৰকৃতি প্ৰেমী তথা লাইমেকুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তুষেশ্বৰ মিৰি আগৰৱালাই | 
শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোত জোনাই গান্ধীৰোডৰ  ব্ৰহ্মপুত্ৰ অফছেটৰ প্ৰঙ্গনত সন্ধিয়া ৫ বজাত সুধাকণ্ঠ গৰাকীৰ প্ৰতি শ্ৰদ্ধা জনাই সুধাকণ্ঠৰ ছবিত বন্তি প্ৰজ্বলন কৰি   জোনাইৰ ৰাইজে  গীত মাতেৰে গণশিল্পী গৰাকীলৈ শ্ৰদ্ধাঞ্জলি
 জ্ঞাপন কৰে।   
জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী অঞ্জনা টায়ুং,  প্ৰগতিৰ চৰাৰ সদস্য বিনয় বৰা, ৰিংকুমনি বৰশইকীয়া, নিতু ফুকন, সাংবাদিক কৰবী দলে, জোনাই বালিকা মহাবিদ্যালয় সহকাৰী অধ্যাপক ভূপেন চন্দ্ৰ পেগুৰ লগতে জোনাইৰ বহুতো গন্য-মান্য ব্যক্তি উপস্থিত থাকে।

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib