জোনাই ,১৮ জুলাই ; --------
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ জোনাই গান্ধী ময়দানত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিংশ সংখ্যক দ্বি-বাৰ্ষিক সাধাৰণ অধিৱেশনখন সফল সামৰণি পৰে। কালি শেষৰ দিনা অনুষ্ঠিত হোৱা বাৰেৰহনীয়া সংস্কৃতিক সমাৰোহত মিচিং, বড়ো, ৰাভা, গাৰো, হাজং, গোৰ্খা, লালুং, সোণোৱাল, চাহ জনগোষ্ঠীৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ আদি জনগোষ্ঠীৰ কৃষ্টি দল অংশগ্ৰহণ কৰে।
বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক দলৰ অংশগ্ৰহণেৰে সমন্বয়ৰ ক্ষেত্ৰলৈ পৰিণত হয় অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ অধিৱেশনস্থলী। ইপিনে বিয়লি অনুষ্ঠিত হোৱা মুকলি সভা উদ্বোধন কৰে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমায়ে। সাধাৰণ সম্পাদক পলাশ চাংমায়ে নিজৰ উদ্বোধনী ভাষণত বহি:ৰাজ্য আৰু বিদেশীৰ আগ্ৰাসনৰ পৰা অসমৰ খিলঞ্জীয়া অসমীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিবলৈ অসমত আন্ত:ৰাজ্যিক পাৰ পত্ৰ প্ৰৱৰ্তন কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়।
তদুপৰি বানপানীৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ সজোৰ দাবী উত্থাপন কৰে। নামনি সোৱণশিৰি জলবিদ্যুত প্ৰকল্পই অসমৰ নামনিবাসী ৰাইজৰ জীৱন আৰু সম্পত্তি সৰ্বনাশ কৰিব বুলি উল্লেখ কৰি বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ৰাইজে ঐক্যবদ্ধভাৱে কঠোৰ প্ৰতিৰোধৰ সংগ্ৰাম গঢ়ি তুলিব লাগিব বুলিও মন্তব্য কৰে।
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ উপ-সভাপতি ফুলেন দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা তথা সাধাৰণ সম্পাদক বিষ্ণু শৰ্মাই উদ্দেশ্য ব্যাখ্যা কৰা সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়- অসমৰ খিলঞ্জীয়া অসমীয়া জাতি-জনগোষ্ঠীয়ে সাংস্কৃতিক একতা আৰু সমন্বয়ৰ ডোলেৰে বান্ধ খাই আছে। কিন্তু জাতি-জনগোষ্ঠীৰ মাজত ভেদে সৃষ্টি কৰি চৰকাৰে শাসনত ভৰ্তি থাকিবলৈ ষড়যন্ত্ৰ ৰচনা কৰিছে।
অসম তথা খিলঞ্জীয়া অসমীয়াই স্বাভিমানেৰে মূৰ তুলি জীয়াই থাকিবলৈ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে আপোচহীনভাৱে ৰাজপথৰ সংগ্ৰাম অব্যাহত ৰাখিব বুলি মন্তব্য কৰে।
তদুপৰি সভাপতি ৰাণা প্ৰতাপ বৰুৱাই প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ধেমাজি জিলাৰ একমাত্ৰ বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলক ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণাৰ প্ৰতিশ্ৰুতিক উল্লেখ কৰি শীঘ্ৰে বৰ্ষাৰণ্য পবাক অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত সজোৰ দাবী উত্থাপন কৰে।
অৱসৰপ্ৰাপ্ত মুৰ্কংচেলেক খণ্ড প্রাথমিক শিক্ষা বিষয়া দিলীপ গগৈৰ দ্বাৰা বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা তথা অভ্যৰ্থনা সমিতিৰ সভাপতি প্ৰতাপ চন্দ্ৰ পাৱই আদৰণি ভাষণ প্ৰদান কৰা মুকলি সভাত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ উপদেষ্টা ৰঞ্জিত চাংমাই, সহকাৰী সাধাৰণ সম্পাদক ৰাতুল বৰগোহাঁই, সাংস্কৃতিক সম্পাদক দেৱজিৎ দাস,
ধেমাজি মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ ড° বুধিন্দ্ৰ বৰুৱা, জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী, টি এম পি কেৰ সাহিত্য সম্পাদক চান পাংগিং, আটাছুৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা, ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি দীপক শৰ্মা, সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সাধাৰণ সম্পাদক চন্দন কছাৰী, সদৌ অসম গৰিয়া-মৰিয়া দেশী পৰিষদৰ যুটীয়া সম্পাদক শ্বহীদ আলী, ধেমাজি জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি টীম চুতীয়া,
ধেমাজি জিলা কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সভাপতি দিগন্ত তালুকদাৰ, ধেমাজি জিলা আগ্ছুৰ সভাপতি চৰমাজ পুৰী, ধেমাজি জিলা দেউৰী ছাত্ৰ সন্থাৰ সভাপতি ৰঞ্জক দেউৰী,
অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা মুকুট দাস, নিলয় চলিহা, দেৱজিৎ দাস, মৃদুল গগৈ, জয়কান্ত চিৰিং, সঞ্জীৱ শইকীয়া, অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ৰয়েল পেগু, সাধাৰণ সম্পাদক নীল গগৈ আদিয়ে উপস্থিত থাকে।
নিশা ধেমাজি জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক গৌৰৱ আগৰৱালাই উদ্বোধন কৰা সাংস্কৃতিক অনুষ্ঠানত জুবিন গাৰ্গে বিশাল দৰ্শক ৰাইজৰ মাজত গীত পৰিবেশন কৰে। তদুপৰি সাংস্কৃতিক সন্ধিয়াত ডান্স ইণ্ডিয়া ডান্সৰ লিটল মাষ্টাৰ প্ৰতিযোগিতাৰ প্ৰথম আৰু দ্বিতীয় ৰানাৰ্ছ আপ আপ্পোন পেগু আৰু আধ্যাশ্ৰী উপাধ্যায়ে অংশগ্ৰহণ কৰে।



No comments:
Post a Comment
say somethings