Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

জোনাই 19 ডিচেম্বৰ : জোনাই মহকুমাৰ কপলং চৃচা ক্লাবৰ উদ্যোগত আৰু কপলং টি এম পি কে শাখা সমিতিৰ সহযোগত চেদি-মেল বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হোৱা দেৱৰাম কুম্বাং সোঁৱৰণী প্ৰাইজমণি ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত হোৱা চূড়ান্ত খেলত বাহিৰ জোনাই ফুটবল দলে ওমা ফুটবল দলক ট্ৰাইবেকাৰৰ সহায়ত 5/4 গ'লত পৰাস্ত কৰি চূড়ান্ত বিজয়ীৰ খিতাপ অৰ্জন কৰে। নিৰ্ধাৰিত সময়ত গ'ল শূন্য বাবে খেল সমাপ্ত হোৱাৰ পিছত অতিৰিক্ত সময়ত এক-এক গলত দুয়োটা ফুটবল দলে সমতা স্থাপন কৰে। ফলত ট্ৰাইবেকাৰৰ সহায় লোৱা হয় আৰু ট্ৰাইবেকাৰত বাহিৰ জোনাই ফুটবল দলে 5/4 গ'লৰ ব্যৱধান ওমা ফুটবল দলক পৰাস্ত কৰে। চূড়ান্ত বিজয়ী দলক মুখ্য অতিথি তথা জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে ট্ৰফী আৰু নগৰ দহ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰে। ৰানাৰ্ছ অপ ওমা ফুটবল দলক নগদ পাঁচ হেজাৰ টকাৰ সৈতে ট্ৰফী প্ৰদান কৰে কপলং চৃচাং ক্লাৱৰ সভাপতি ধনঞ্জয় দলেয়ে। ইপিনে ডেকা দলেক শ্ৰেষ্ঠ গ'লকীপাৰ, চন্দ্ৰকান্ত পাইতক টুৰ্নামেণ্টৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা প্ৰদান কৰা হয়। খেল পৰিচালনা কৰে আনন্দ প্ৰেমেয়ে। প্ৰাইজ বিতৰণী অনুষ্ঠানত জোনাই মহকুমা স্বাস্থ্য বিষয়া ডা: কিশোৰ কুমাৰ কামান, চেদি-মেল এম স্কুলৰ প্ৰধান শিক্ষক দিন চাৰহ, বিশিষ্ট নাগৰিক পুতুল পেগু, কৃষ্ণকান্ত মিলি, যোগেশ প্ৰেমে,জোনাই প্ৰেছ ক্লাৱৰ সম্পাদক মনোজ কুমাৰ প্ৰজাতি, বিনোদ পেগু, আদিত্য চাহৰ, চন্দন কুম্বাং, মনু পেগু, হৰি দলে, লক্ষী টায়ে, নাচাৰ চিন্তে, গিৰীন টায়ে, সৌদাগৰ কুটুম, হৰকান্ত পেগু, বিজয়া কুম্বাং, প্ৰশান্ত কুম্বাং, পিঙকু কুম্বাং, পম্পী কুম্বাং, কুহিমা কুম্বাং, গকুল কুম্বাং, ৰাজকুমাৰ কুম্বাং আদিয়ে উপস্থিত থাকে।

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib