Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

জোনাই , 23  জানুৱাৰী :---
জোনাই প্ৰেছ ক্লাৱৰ উদ্যোগত যোৱা কালি যুৱ লেখক কনান কাৰ্চাং দলেয়ে প্ৰণয়ন কৰা 'তৰাৱতী মিলি বৰি' শীৰ্ষক গ্ৰন্থ এখন উন্মোচন কৰা হয়। জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৰ সভাপতিত্বত জোনাই সদৰৰ ঙাচাৰচুক উকোমত অনুষ্ঠিত হোৱা অনুষ্ঠানত মিচিংসকলৰ যশস্বী কণ্ঠশিল্পী 'নিতম দকচৰি' খ্যাত তৰাৱতী মিলি বৰিৰ অই:নিতমৰ ওপৰত প্ৰণয়ন কৰা গ্ৰন্থখন উন্মোচন কৰে মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 দীপক কুমাৰ দলেয়ে। 'তৰাৱতী মিলি বৰি' শীৰ্ষক গ্ৰন্থত যশস্বী কণ্ঠশিল্পী তৰাৱতী মিলি বৰিৰ 82 টা কালজয়ী অই:নিতম ইংৰাজী লৈ ভাবানুবাদ কৰাৰ লগতে জগদীশ টাইদে সাক্ষাত গ্ৰহণ কৰা লেখা এটি সন্নিৱিষ্ট কৰিছে। উন্মোচক ড0 দীপক কুমাৰ দলেয়ে নিজৰ ভাষণত যশস্বী কণ্ঠশিল্পী তৰাৱতী মিলি বৰিক গ্ৰন্থখনে অধিক প্ৰচাৰ-প্ৰসাৰ কৰিব বুলি মন্তব্য কৰে ।
গ্ৰন্থ উন্মোচনী অনুষ্ঠানত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, উজনি মাজুলী মহাবিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ কালিৰাম কুলি, যশস্বী কণ্ঠশিল্পী তৰাৱতী মিলি বৰি, শিক্ষক মৃণাল কুলি, প্ৰদীপ গগৈ, পুলিন পেগু, স্বপন দলে, শৰ্মা দলে, দিবাকৰ দলে, জগদীশ টাইদ, প্ৰাসেনজিত চায়েঙীয়া, জেকলি প্ৰসাদ টায়েং, দিব্য কুমাৰ দলে, জোনাই প্ৰেছ ক্লাৱৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হৰেন চাৰহ, বিজয় বৰি, ভাস্কৰজ্যোতি টায়েং, অশোক পাৰিক, দেবেন টায়ুং আদিয়ে উপস্থিত থাকে।

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib