জোনাই , 2 জুলাই : উত্তৰ অসমৰ আগশাৰীৰ শিক্ষানুষ্ঠান নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যৌথ উদ্যোগত আজি আৰু কালি ‘অসমৰ জোনাই আৰু অৰুণাচল প্ৰদেশৰ পাচিঘাট অঞ্চলত সাংস্কৃতিক তথা প্ৰকৃতি-পৰ্যটনৰ সম্ভাৱনা’ শীৰ্ষক বিষয়ত এক ক্ষেত্ৰ অধ্যয়ন আৰু আলোচনা-চক্ৰ অনুষ্ঠিত হয়।
কালি প্ৰথম দিনা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা আলোচনা-চক্ৰখন সঞ্চালনা কৰে অসমীয়া বিভাগৰ মুৰব্বী ড॰ অৰবিন্দ ৰাজখোৱাই৷ আদৰণি ভাষণ প্ৰদান কৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পৰমানন্দ দাৰিগে৷ প্ৰথমগৰাকী সমল ব্যক্তি লেখক তথা প্ৰকৃতি সংৰক্ষক তোষেশ্বৰ মিৰি আগৰৱালাই জোনাই অঞ্চলৰ ৰাজনৈতিক আৰু ভৌগোলিক ইতিহাস সামৰি কিছু আলোচনা কৰাৰ লগতে অঞ্চলটোৰ বৈচিত্ৰ্যপূৰ্ণ জনগাঁঠনি তথা একক বৈশিষ্ট্যৰ প্ৰাকৃতিক পৰিৱেশৰ বিষয়ে বিশদভাৱে ব্যাখ্যা আগবঢ়ায়৷
জোনাই অঞ্চলত পৰিৱেশ পৰ্যটনৰ অপাৰ সম্ভাৱনা থকাৰ কথা তেওঁ তথ্য সহকাৰে কয়৷ অৱশ্যে তাৰ বাবে অসমীয়া মানুহৰ চেতনা অধিক শক্তিশালী হোৱাৰ আৱশ্যক আছে বুলিও কয়৷ দ্বিতীয়গৰাকী সমল ব্যক্তি বিশিষ্ট সাংবাদিক তথা পৰিৱেশকৰ্মী ৰয়েল পেগুয়ে জোনাই আৰু পাচিঘাট সামৰি বৃহৎ অঞ্চলটোত সাংস্কৃতিক পৰ্যটন আৰু পৰিৱেশ পৰ্যটনৰ সম্ভাৱনা আৰু সমস্যা সম্পৰ্কে আলোচনা আগবঢ়ায়৷ এই আলোচনা-চক্ৰত উপস্থিত থাকে নৰ্থ লখিমপুৰ কলেজৰ ড॰ হেমন্ত শৰ্মা, মুনমী দত্ত, ড॰ ধীৰাজ পাটৰ, অসীম শইকীয়া আৰু জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিনীতা গগৈ৷
কিতাপ পঢ়াৰ আন্দোলনৰ অংশ হিচাপে নৰ্থ লখিমপুৰ কলেজৰ তৰফৰ পৰা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰাললৈ ২০ খন গ্ৰন্থৰ এটি টোপোলা আগবঢ়োৱা হয়৷ আনহাতে সাংবাদিক-লেখক ৰয়েল পেগুৱে নৰ্থ লখিমপুৰ কলেজৰ দলটোক ব্যক্তিগতভাৱে জোনাই সম্পৰ্কীয় গ্ৰন্থৰ এটি টোপোলা অৰ্পণ কৰে৷ ইপিনে আজি নৰ্থ লখিমপুৰ কলেজৰ অসমীয়া বিভাগ আৰু জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষা প্ৰতিষ্ঠানৰ প্ৰায় ৬০ গৰাকী ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চল আৰু পাচিঘাটৰ পৰ্যটনৰ সম্ভাৱনা থকা বিভিন্ন অঞ্চলত ক্ষেত্ৰ অধ্যয়ন কৰে।



No comments:
Post a Comment
say somethings