জোনাই 1 জুলাই : চুবুৰীয়া অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলাৰ ৰুকচিনৰ মহকুমাৰ লেকুত 515 নং ৰাষ্ট্ৰীয় ঘাইপথত আজি পুৱা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।
এই পথ দুৰ্ঘটনাত দুজন যুৱকৰ মৃত্যু হোৱাৰ বিপৰীতে এজনৰ গুৰুত্বৰভাৱে আহত হয়। জানিব পৰামতে পাচিঘাট দিশৰ পৰা অহা AR 09 A7049 নম্বৰৰ স্কুটি আৰু বিপৰীত দিশৰ পৰা অহা AR 09 B 9787 নম্বৰৰ পিক আপ বানৰ মাজত আজি পুৱা 7-30 বজাত ৰুকচিনৰ লেকুৰ 515 নং ৰাষ্ট্ৰীয়
ঘাইপথত মুখামুখী সংঘৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত স্কুটিৰ আৰোহী জোনাই মহকুমাৰ এক নং মুৰ্কংচেলেক গাঁৱৰ নিহাল কুম্বাং (28) থিতাতে নিহত হয়।
ইপিনে ডিব্ৰুগড়ৰ সঞ্জীৱ নাৰ্চিং হোমত জোনাই বজাৰৰ নিবাসী ফিৰোজ হুছেইনেৰ মৃত্যু হয়। আনহাতে দুৰ্ঘটনাটোত গুৰুত্বৰ বাবে আহত জোনাই মধ্যপুৰৰ থমাছ পায়েং (28) চিকিৎসাত ভৰ্তি কৰা হৈছে। ভয়ংকৰ পথত দুৰ্ঘটনাত দুজন যুৱকৰ কৰুণ মৃত্যুৰ ঘটনাই জোনাই অঞ্চলত শোকৰ ছাঁ পেলায়।



No comments:
Post a Comment
say somethings