জোনাই 18 নৱেম্বৰ : জোনাই মহকুমা সদৰত নতুনকৈ স্থাপন কৰা এইছ পি পেট্ৰলিয়ামৰ এম এছ মুৰ্কংচেলেক প্ৰেট্ৰল-ডিজেলৰ ডিপোখন মঙ্গলবাৰে অনুষ্ঠিতভাৱে মুকলি কৰা হয়। অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি উৎপল দলেৰ দ্বাৰা আনুষ্ঠানিকভাৱে প্ৰেট্ৰল-ডিজেলৰ ডিপোখন মুকলি কৰা হয়। প্ৰেট্ৰল-ডিজেলৰ ডিপোখন মুকলি কৰি তেওঁ জোনাই সদৰৰ প্ৰথম তথা একমাত্ৰ ডিপোখন ৰাইজৰ বহু দিনীয়া আশা পূৰণ কৰা বুলি মন্তব্য কৰে। উক্ত প্ৰেট্ৰল-ডিজেলৰ ডিপোৰ মুকলি অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱা, জোনাই মহকুমা খাদ্য আৰু অসামৰিক যোগান বিভাগৰ অধীক্ষক অজিত কুটুম, জ্যেষ্ঠ নাগৰিক বগাৰাম দেউৰী, ব্ৰজেন দলে, ৰোহিনী টায়ুং দলে আদি বহু গণ্যমান্য ব্যক্তিয়ে উপস্থিত থাকে। জোনাই মহকুমাৰ বাহিৰ জোনাই পঞ্চায়ত অৱস্থিত প্ৰগতি হাইস্কুলৰ নৱ নিৰ্মিত অতিৰিক্ত শ্ৰেণীৰ কোঠাৰ দ্বাৰ মঙ্গলবাৰে বিয়লি অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে মুকলি কৰে। মিচিং স্বায়ত্তশাসিত পৰিষদ 2019-20 বিত্ত বৰ্ষৰ 13 লাখ টকাৰে নিৰ্মিত বিদ্যালয়খনৰ অতিৰিক্ত শ্ৰেণী কোঠাৰ দ্বাৰ মুকলি অনুষ্ঠানত মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, প্ৰগতি হাইস্কুলৰ প্ৰধান শিক্ষক, শিক্ষক কৰ্মচাৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে উপস্থিত থাকে।
Travel the world
Climb the mountains
Jonai News
জোনাইত প্ৰেট্ৰল-ডিজেলৰ ডিপো মুকলি প্ৰগতি হাইস্কুলৰ নৱ নিৰ্মিত শ্ৰেণী কোঠাৰ দ্বাৰা মুকলি
Tags: Jonai News
Subscribe to:
Post Comments (Atom)



No comments:
Post a Comment
say somethings