Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

 জোনাই 18 নৱেম্বৰ : জোনাই মহকুমাৰ লাইমেকুৰী পঞ্চায়ত কাৰ্যালয়ৰ চৌহদ আজি জোনাই মহকুমা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ উদ্যোগত ৰাজহ আদালত এখন অনুষ্ঠিত কৰা হয়। উক্ত ৰাজহ আদালতত অতিৰিক্ত উপায়ুক্ত উৎপল দলে, জোনাই মহকুমা ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱা, মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে, লাইমেকুৰী পঞ্চায়তৰ সভাপতি কলেশ্বৰ কুলি, সচিব স্বপ্নৰঞ্জন ময়েঙীয়া, মৌজাদাৰ আদিত্য কুম্বাঙৰ লগতে বহু ৰাইজে উপস্থিত থাকে। চৰকাৰৰ অভিলাষী আঁচনি মিছন বসুন্ধৰাৰ অধীনত উত্তৰাধিকাৰী সূত্ৰে নামজাৰি, দলিল সূত্ৰই নামজাৰি, বিবাদমুক্ত বাটোৱাৰা, একচনীয়া পট্টাৰ ম্যাধিকৰণ, মাটিৰ শ্ৰেণীৰ পৰিবৰ্তন , ৰাজহ নথিৰ পৰা দখল বা স্বত্ববিহীন পট্টাৰ নাম কৰ্তন, আবণ্টিত মাটিৰ ম্যাদিকৰণ, ভূমি নথিৰ সংশোধনী (নাম আৰু মাটিকালি) ভূমি নথিত পট্টাদাৰৰ ম'বাইল নম্বৰ অন্তৰ্ভুক্তকৰণ আদি সুবিধাসমূহৰ সন্দৰ্ভত অতিৰিক্ত উপায়ুক্ত উৎপল দলেয়ে উপস্থিত ৰাইজক বুজাই কয়। ইপিনে উপস্থিত ৰাইজে জলডুবা মাটিৰ পট্টা প্ৰদান আৰু শ্ৰেণীৰ পৰিবৰ্তনৰ বাবে সভা অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেৰ ওচৰত দাবী জনায়। তদুপৰি ভাৰপ্ৰাপ্ত মহকুমাধিপতি উৎপল দলেয়ে জোনাই মহকুমাৰ জৰীপবিহীন গাঁওসমূহ শীঘ্ৰে জৰীপ সম্পূৰ্ণ কৰিব বুলি জনায়। ৰাজহ আদালতত ভূমি সম্পৰ্কীয় বহু আবেদন নিষ্পত্তি কৰে।

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib