জোনাই , 28/11/2021:---- বৰ্ষাৰণ্য পবা বনাঞ্চলত বন বিভাগৰ উদ্যোগতে চলিছে ধ্বংসযজ্ঞ। অপৈণত সেউজীয়া গছ-লতা কাটি চলাইছে তহিলং। ধেমাজি জিলাৰ জোনাই মহকুমাৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলখন উপযুক্ত সুৰক্ষা আৰু ৰাষ্ট্ৰীয় বন্যপ্ৰাণী অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ বিভিন্ন দল-সংগঠন আৰু ধেমাজি-জোনাইবাসী ৰাইজে দীৰ্ঘদিনৰ পৰা দাবী জনাই অহাৰ সময়তে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ লেকু বীটত বন বিভাগৰ ছত্ৰছায়াতে শ শ অপৈণত গছ-লতা কাটি বিশ হেক্টৰ ভূমিত পকী খুঁটা স্থাপন আৰু কাটা তাঁৰ বেৰ নিৰ্মাণ কৰা ঘটনাই ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। পবা বনাঞ্চলৰ লেকু বীটৰ বনকৰ্মী আৰু ঠিকাদাৰৰ কৰ্মচাৰীৰ পৰা জানিব পৰামতে পবা সংৰক্ষিত বনাঞ্চলৰ লেকু বীটৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সেউজীয়া গছ-গছনিৰে ভৰা বনাঞ্চলৰ বিশ হেক্টৰ (140 বিঘা) ভূমিত সামাজিক বনানীকৰণ বিভাগৰ দ্বাৰা পকী খুঁটা স্থাপন কৰি কাটা তাঁৰ বেৰ নিৰ্মাণ কৰি নাৰ্ছাৰী আৰু বনানীকৰণৰ আঁচনি গ্ৰহণ কৰিছে। সেইমতে ঠিকাদাৰে যদেমধে অসংখ্য অপৈণত গছ-লতা কাটি বন ধ্বংসযজ্ঞ চলাই পকী খুঁটা স্থাপন কৰা দেখা গৈছে। উল্লেখযোগ্য যে পবা সংৰক্ষিত বনাঞ্চল বন্যহস্তীৰ আবাসস্থল আৰু সামাজিক বনানীকৰণ বিভাগে পকী বেৰ দি থকা ঠাইখন বন্যহস্তীৰ কৰিডৰ। ঠিকাদাৰৰ কৰ্মচাৰীয়ে জানিবলৈ দিয়েমতে ইতিমধ্যে 40 টাৰো অধিক পকী খুঁটা বন্যহস্তীয়ে উভালি পেলাইছে। ফলত পবা সংৰক্ষিত বনাঞ্চলৰ অভ্যন্তৰত নিৰ্মাণ কৰা পকী বেৰ বন্যহস্তীৰ স্বাভাৱিক চলন-ফুৰণত নিশ্চিতভাৱে বাধা স্বৰূপ হ'ব। এনেদৰে বন্যহস্তীৰ আবাসস্থল ধ্বংস কৰি আৰু মূল্যৱান গছ-লতাৰে ভৰা ঠাইত বনানীকৰণৰ নামত গছ-লতা কাটি বন ধ্বংসযজ্ঞ চলোৱাটো কাৰো কাম্য নহয়। পবা বনাঞ্চলত বহু মুকলি ঠাই আছে। বিশেষকৈ পবা বনাঞ্চলৰ লেকু বীট অফিছৰ সমীপতে লেকু নদীৰ পাৰত কেইবাশ বিঘা মুকলি বনভূমি আছে আৰু এনে মুকলি বনভূমিত বনানীকৰণ কৰিব পাৰে। কিন্তু এনেদৰে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত বনানীকৰণৰ নামত বন ধ্বংসযজ্ঞ চলোৱাত ধেমাজি জিলা বন সংমণ্ডল বিষয়া ৰোহিনী কুমাৰ দাস, জোনাই ৰেঞ্জৰ, লেকু বীট অফিছৰৰ অনুমতিতে সম্ভাৱ হৈছে।
তদুপৰি কিছুদিন পূৰ্বেও বন বিভাগে নাৰ্ছাৰী স্থাপনৰ নামত পবা সংৰক্ষিত বনাঞ্চলৰ তিনিমাইল বীটত অফিছৰ সমীপতে বহু অপৈণত গছ কাটি বন ধ্বংসযজ্ঞ চলায়। অবশ্যে বিভিন্ন সংগঠন আৰু ৰাইজৰ দাবীত উক্ত স্থানত বন বিভাগে পুনৰ গছ পুলি ৰোপণ কৰি অন্য ঠাইত নাৰ্চাৰী স্থাপন কৰিবলৈ বাধ্য হয়।
বৰ্ষাৰণ্য পবা বনাঞ্চলক ভৱিষ্যত লৈ সুৰক্ষাৰ স্বাৰ্থতে সেউজীয়া গছ-লতা কাটি বনানীকৰণ কৰাতকৈ পবা সংৰক্ষিত বনাঞ্চলৰ লেকু নদীৰ পাৰৰ মুকলি বনভূমিত নাৰ্ছাৰী আৰু বনানীকৰণ স্থাপন কৰিবলৈ ছেভ পবা ৰেইন ফৰেষ্টে দাবী জনাইছে। ছেভ পবা ৰেইন ফৰেষ্টে এই সন্দৰ্ভত অতিৰিক্ত উপায়ুক্ত তথা ভাৰপ্ৰাপ্ত জোনাই মহকুমাধিপতি উৎপল দলেৰ ওচৰত এক স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে জোনাই সদৰ থানাটো এখন এজাহাৰ দাখিল কৰে। ছেভ পবা ৰেইন ফৰেষ্টে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত অসংখ্য অপৈণত গছ-লতা কাটি বন ধ্বংসযজ্ঞ চলোৱাৰ ওপৰত উচিত তদন্ত কৰি দোষী বিষয়া-কৰ্মচাৰীসকলৰ ওপৰত কঠোৰ শাস্তিমূলক ব্যবস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে।



No comments:
Post a Comment
say somethings