জোনাই 03 নবেম্বৰ:- ষ্টুডেণ্ট গেমছ ফেডাৰেচন অব ইণ্ডিয়াৰ সৌজন্যত ৰাজস্থানৰ জয়পুৰৰ পূৰ্ণিমা বিশ্ববিদ্যালয়ত যোৱা 29 অক্টোবৰ পৰা 31 অক্টোবৰলৈ অনুষ্ঠিত হোৱা পঞ্চম সংখ্যক ৰাষ্ট্ৰীয় ষ্টুডেণ্ট ক্ৰীড়া সমাৰোহ-2021 ত অংশগ্ৰহণ কৰি জোনাই টাইকোৱানডো ক্লাৱৰ তিনিগৰাকী খেলুৱৈয়ে সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে।
জানিব পৰামতে জোনাই টাইকোৱানডো ক্লাৱৰ প্ৰশিক্ষক বিপুল সোণোৱালে 25 বছৰ বয়সৰ 54 কেজি ওজনৰ চিনিয়ৰ শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি সোণৰ পদক অৰ্জন কৰে। ইপিনে জোনাই টাইকোৱানডো ক্লাৱৰ টাইকোৱানডো খেলুৱৈ ঘনশ্যাম পাংগিঙে 17 বছৰ বয়সৰ 55 কেজি ওজনৰ শাখা আৰু দিনেশ পাচাৰে 12 বছৰ বয়সৰ 40 কেজি ওজনৰ শাখাৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি দুয়োজনে সোণৰ পদক অৰ্জন কৰে। পঞ্চম সংখ্যক ৰাষ্ট্ৰীয় ষ্টুডেণ্ট ক্ৰীড়া প্ৰতিযোগিতাত সোণৰ পদক অৰ্জন কৰা খেলুৱৈ তিনিগৰাকীয়ে আজি পুৱা ৰে'লেৰে জোনাই আহি পোৱাৰ পিছত মুৰ্কংচেলেক ৰে'ল ষ্টেচনত ৰাইজে বিপুল সম্বৰ্ধনা জনোৱা হয়।



No comments:
Post a Comment
say somethings