Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

জোনাই 21 নৱেম্বৰ : ডিব্ৰুগড়ৰ আগশাৰীৰ নাৰ্চিং হোম ডা: ডামানি'ছ নাৰ্চিং হোমৰ উদ্যোগত আৰু জোনাই প্ৰেছ ক্লাৱৰ সহযোগত আজি জোনাই ক্লাৱ ঘৰত বিনামূলীয়া মেগা স্বাস্থ্য শিবিৰ এখন অনুষ্ঠিত কৰা হয়। উক্ত মেগা স্বাস্থ্য শিবিৰখন জোনাই মহকুমা ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত জোনাই ৰাজহ চক্ৰ বিষয়া ঋতুপল্লৱ বৰুৱাই সীমান্তৱৰ্তী জোনাই মহকুমাত বিনামূলীয়া স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰাৰ বাবে ডা : ডামানিছ নাৰ্চিং হোম আৰু জোনাই প্ৰেছ ক্লাৱক ভূমিকা প্ৰসংশা কৰে। জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত জোনাই মহকুমা স্বাস্থ্য বিষয়া ডা: কিশোৰ কুমাৰ কামানৰ লগতে সাংবাদিক ভাস্কৰজ্যোতি টায়েং, গৌতম পেগু, প্ৰফুল্ল কামান, বিজয় বৰি, মনোজ প্ৰজিপতি লগতে বহু অতিথি ৰাইজে উপস্থিত থাকে। উক্ত স্বাস্থ্য শিবিৰটোত অৰ্থপেডিক ডাঃ নৱ পল্লৱ চুতীয়া, চাৰ্জন ডাঃ ৰূপজ্যোতি দত্ত, স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ বিনোদ কুমাৰ পণ্ডিত, দন্ত চিকিৎক আকাশ ৰয়, পি আৰ অ' ক্ৰমে লোহিত বৰা আৰু প্ৰদীপ পাল, মেডিচিন ফাৰ্মাচীছ সন্দীপ দে, চি টি স্কেন টেকনিচিয়ান প্ৰদীপ চীল, লেবৰেটৰী টেকনিচিয়ান দিলীপ কুমাৰ বৰা, ফাৰ্মাচীছ ক্ৰমে বিশ্বজিৎ মজুমদাৰ আৰু পাপু ৰজক, জি এন এম জানকী হাজৰিকা,জি এন এম চিষ্টাৰ পুষ্পাঞ্জলি ডেকা, এ এন এম বৰ্ণালী কুলি, ফাৰা মেডিকেল পূৰ্ণিমা দেউৰী, চিষ্টাৰ জি এন এম ক্ৰমে অংকিতা আচাৰ্য আৰু ইচিজি টেকনিচিয়ান ভাগ্য গগৈ আদিয়ে প্ৰায় তিনিশ ৰোগীৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়াকৈ ঔষধ-পাতি বিতৰণ কৰে। তদুপৰি স্বাস্থ্য শিবিৰটোত বহু ৰোগীক ই চি জি, হীম'গ্লবিন, মধুমেহ, ৰক্তচাপ আদি পৰীক্ষা কৰে।

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib