Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

জোনাই 17 ডিচেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমাৰ একমাত্ৰ বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলত কেম্পাৰ অধীনত এ এন আৰ আচঁনিৰ নাৰ্ছাৰী আৰু বনানীকৰণ সন্দৰ্ভত জোনাই মহকুমাধিপতিৰ আহ্বান তেওঁৰ কাৰ্যালয়ৰ সভা কক্ষত আজি সভা এখন অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে এ এন আৰ (Aided natural regeneration (ANR) আচঁনিৰ অধীনত বিশ হেক্টৰ ভূমিত নাৰ্ছাৰী-বনানীকৰণৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেম্পা (CAMPA; Compensatory Afforestation Fund Management and Planning Authority) শিতানৰ পৰা প্ৰায় 42 লাখ পুঁজি আবণ্টন দিছে। কিন্তু বন্যহস্তীৰ আবাসস্থল বৰ্ষাৰণ্য তথা জীৱ-বৈচিত্ৰ্যৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলৰ লেকু বীটৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সেউজীয়া গছ-গছনিৰে ভৰা বনাঞ্চলৰ বিশ হেক্টৰ (140 বিঘা) ভূমিত সামাজিক বনানীকৰণ বিভাগৰ ঠিকাদাৰে নাৰ্ছাৰী আৰু বনানীকৰণৰ নামত পকী খুঁটা স্থাপন কৰি কাটা তাঁৰ বেৰ নিৰ্মাণ কৰি বন্যহস্তীৰ কৰিডৰ বন্ধ কৰা আৰু অপৈণত গছ-লতা কাটি বন ধ্বংসযজ্ঞ চলোৱা সন্দৰ্ভত যোৱা 27 নবেম্বৰত জোনাই মহকুমাধিপতিৰ ওচৰত অগ্ৰণী পৰিবেশ সংৰক্ষণকাৰী গোষ্ঠী 'ছেভ পবা ৰেইন ফৰেষ্টে' (এন জি অ') এক স্মাৰক পত্ৰ প্ৰদান কৰে। এই সন্দৰ্ভত আজি অনুষ্ঠিত হোৱা সভাত জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদী, অতিৰিক্ত সহকাৰী আয়ুক্ত প্ৰিতম দাস, ছেভ পবা ৰেইন ফৰেষ্টৰ সভাপতি ৰয়েল পেগু, নেচাৰ্চ বেকনৰ সমন্বয়ক তোষেশ্বৰ মিৰি আগৰৱালা, জোনাই বনাঞ্চলিক বিষয়া মুকুট ৰাভা, জোনাই সামাজিক বনানীকৰণ বিভাগৰ আঞ্চলিক বন বিষয়া কৰবী হাজৰিকা, ফৰেষ্টাৰ মিলন দলে আদিয়ে উপস্থিত থাকে। সভাত পবা সংৰক্ষিত বনাঞ্চলৰ সুৰক্ষাৰ লগতে উক্ত আচঁনিৰ নামত পবাৰ অভ্যন্তৰত স্থাপন কৰা পকী তাঁৰ বেৰে বন্যহস্তীৰ আবাসস্থল বিঘিন্ন কৰা সন্দৰ্ভত আলোচনাৰ কৰা হয়। উল্লেখযোগ্য যে এ এন আৰ আচঁনিমতে 30 শতাংশ গছ-গছনি থকা ঠাইত বনানীকৰণ আঁচনি গ্ৰহণ কৰিব লাগে। কিন্তু সামাজিক বনানীকৰণ বিভাগে এ এন আৰ আচঁনিৰ নাৰ্ছাৰী আৰু বনানীকৰণ স্থাপন কৰিব বিচৰা ঠাইত এশ শতাংশ সেউজীয়া গছ-লতাৰে ভৰা। তদুপৰি উক্ত এলেকা বন্যহস্তীৰ আবাসস্থল আৰু কৰিডৰ। ফলত সভাই বৰ্ষাৰণ্য পবা বনাঞ্চলৰ লেকু বীটৰ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ এশ শতাংশ সেউজীয়া গছ-লতাৰে ভৰা বনভূমিত নাৰ্ছাৰী আৰু বনানীকৰণৰ আঁচনি স্থানান্তৰিত কৰি লেকু নদীৰ পাৰৰ মুকলি বনভূমিত নাৰ্ছাৰী আৰু বনানীকৰণ কৰাৰ বাবে সভাই সৰ্বসন্মত ক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰে। তদুপৰি সভাই মহকুমাধিপতিৰ লগতে বন বিভাগ, সামাজিক বনানীকৰণ বিভাগ, ছেভ পবা ৰেইন ফৰেষ্ট আৰু নেচাৰ্ছ বেকনৰ যৌথ উদ্যোগত অহা সপ্তাহত বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলত ট্ৰেকিং কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়।

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib