জোনাই , 18 ডিচেম্বৰ:----
মিচিংসকল জাতীয় সংগঠন জোনাই জিলা সমিতি মিচিং বানে কেবাং, মিচিং দৃৰবৃ কেবাং, টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ যৌথ অধিৱেশন অহা 25 আৰু 26 ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হ'ব।
এই উপলক্ষে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আটকধুনীয়া মঞ্চ, মণ্ডল, তোৰণ আদিকে অন্যান্য বিপনি নিৰ্মাণ কৰা হৈছে। অধিৱেশন সন্দৰ্ভত আজি অভ্যৰ্থনা সমিতিয়ে এক সাংবাদমেল সম্বোধন কৰে। টি এম এম কেৰ কেন্দ্ৰীয় কমিটীৰ উপ-সভানেতা পদ্মিতি মিলি, আলোচনী সম্পাদক গীতাঞ্জলি বৰি, সদস্য বিনীতা চাৰহ, জোনাই জিলা সমিতিৰ সভানেত্ৰী মলয়া বৰি, সহকাৰী সম্পাদক কুমাৰী পেগু, জোনাই জিলা টি এম পি কে সম্পাদক বিধান মিলি, শিক্ষা সম্পাদক বিনেশ পাতিৰ, সঞ্জয় দলে, ঘন নৰহ, দিনেশ পেগু, টি এম পি কেৰ প্ৰাক্তন সহকাৰী সম্পাদক ৰাজদ্বীপ পাতিৰ আদি বহু কৰ্মকৰ্তাই উপস্থিত থকা সংবাদমেলত অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদ কাৰ্যবাহী সদস্য নৰেশ কুম্বাঙে কয় জোনাই জিলা সমিতি মিচিং বানে কেবাং, মিচিং দৃৰবৃ কেবাং, টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ যৌথ অধিৱেশনত মুঠ 1,397 গৰাকী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব।জাতীয় সংগঠন পাঁচটাৰ জোনাই জিলা সমিতিৰ অন্তৰ্গত 16 আঞ্চলিক সমিতি পৰা 10 জনকৈ প্ৰতিনিধি, সংগঠনৰ পঞ্জীয়নভুক্ত 177 গাঁৱৰ পৰা এজনকৈ প্ৰতিনিধি, জোনাই মহকুমাৰ বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ গোটৰ পৰা 2 জন প্ৰতিনিধি, জিলা বিষয়ববীয়া, সদস্য, কেন্দ্ৰীয় প্ৰতিনিধিৰ লগতে সংগঠনৰ প্ৰাক্তন সতীৰ্থবৃন্দক অধিৱেশনলৈ নিমন্ত্ৰণ জনোৱা হৈছে। অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচীমতে পুৱা 10-30 বজাত প্ৰতিনিধি সভা কক্ষৰ দ্বাৰ মুকলি, 10-40 বজাত প্ৰাৰ্থনা সভা আৰু 11 বজাত প্ৰতিনিধি সভা উদ্বোধন আৰু প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হ'ব।
ইপিনে দ্বিতীয় দিনা পুৱাৰ ভাগত পাঁচটা জাতীয় সংগঠনৰ পতাকা উত্তোলন, ছহিদ তৰ্পণেৰে কাৰ্যসূচী আৰম্ভ হ'ব। পুৱা 10-30 বজাত অনুষ্ঠিত হ'বলগা 'অসমৰ জনজাতিসকলৰ ভূমি অধিকা' শীৰ্ষক আলোচনা চক্ৰত সদৌ অসম ট্ৰাইবল সংঘৰ সাধাৰণ সম্পাদক আদিত্য খাখলাৰীয়ে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব। 'মিচিংসকলৰ গ্ৰাম্য অৰ্থনীতি' শীৰ্ষক আলোচনা চক্ৰত জোনাই সমষ্টিৰ বিধায়ক তথা টি এম পি কেৰ প্ৰাক্তন সভাপতি ভুবন পেগুৱে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰিব। সংবাদমেল অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি নৰেশ কুম্বাঙে ইতিমধ্যে অধিৱেশনৰ প্ৰস্তুতি প্ৰায় 70 শতাংশ হৈ উঠা বুলি সদৰী কৰে।
বহু গণ্যমান্য অতিথিয়ে অংশগ্ৰহণ কৰিবলগা জোনাই জিলা সমিতি মিচিং বানে কেবাং, মিচিং দৃৰবৃ কেবাং, টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ যৌথ অধিৱেশনখন সফল কৰি তোলাত সকলো শ্ৰেণীৰ ৰাইজৰ সহায়-সহযোগিতা আৰু উপস্থিত উদ্যোক্তাসকলে কামনা কৰিছে।



No comments:
Post a Comment
say somethings