Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

ডা: বিদ্যেশ্বৰ দলেক আগম মিগাং টাবুৰাম টাইদ সাহিত্য জীৱনজোৰা সাধনা বঁটা প্ৰদান।
জোনাই 21 ফেব্ৰুৱাৰী  : মিচিং আগম কেবাঙৰ সোণালী জয়ন্তী বর্ষ উদযাপনৰ সৈতে সংগতি ৰাখি আজি মিচিং আগম কেবাঙৰ উদ্যোগত, মিচিং বানে কেবাং, মিচিং দৃৰবৃ কেবাং, টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ সহযোগত কেন্দ্ৰীয়ভাৱে প্ৰথমবাৰলৈ জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত ‘আন্তর্জাতিক মাতৃভাষা দিৱস' উদযাপন কৰে। এই উপলক্ষে পুৱা সাত বজাত সামূহিক চাফাই অভিযানৰ পিছত মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি প্রয়াত ডিৰাম কুম্বাঙ আৰু জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ প্রয়াত টাকাব চন্দ্ৰ মেদকৰ প্ৰতিমূৰ্তিত শ্রদ্ধাঞ্জলি জনোৱা হয়। ইয়াৰ পিছত মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইদৰ দ্বাৰা পতাকা উত্তোলন আৰু উপ-সভাপতি ৰবিন পাতিৰিৰ দ্বাৰা স্মৃতি তৰ্পণ কৰে। দুপৰীয়া ‘আন্তর্জাতিক মাতৃভাষা দিৱস আৰু বিলুপ্তিৰ আশংকাত ভোগা মিচিং ভাষা' শীৰ্ষক আলোচনা চক্ৰ এখন অনুষ্ঠিত কৰা হয়। মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি ডাঃ ঘনকান্ত লাগাচুৱে সঞ্চালনা কৰা আলোচনা চক্ৰত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব কালিনাথ পাংগিং, প্ৰাক্তন উপ-সভাপতি হৰিণাৰায়ণ পেগু আদিয়ে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে। সমল ব্যক্তি প্ৰতাপ চন্দ্ৰ পাৱই আন্তৰ্জাতিক মাতৃভাষা দিৱসৰ তাৎপৰ্য উল্লেখ কৰি ব্যৱসায়িক সাম্ৰাজ্যবাদৰ লগতে গোলকীয় সংস্কৃতিৰ আগ্ৰাসনৰ ফলত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি-জনগোষ্ঠীৰ ভাষা বিপন্ন হোৱা বুলি উল্লেখ কৰে। তদুপৰি তেওঁ মিচিং ভাষাও বিপন্ন ভাষাৰ তালিকা অন্তৰ্ভুক্ত হোৱা বুলি মন্তব্য কৰি মিচিং শিশুসকলৰ মাতৃভাষা মাধ্যমৰ শিক্ষাৰ অভাৱৰ লগতে প্ৰভাৱশালী ভাষাৰ আগ্ৰাসনৰ ফলত মিচিং ভাষাটো বিপন্ন হোৱা বুলি মন্তব্য কৰে। মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তন কৰি মিচিং শিশুসকলক মাতৃভাষাৰ শিক্ষা দিয়াৰ লগতে ঘৰুৱা পৰিবেশত সকলোৱে নিজৰ মাতৃভাষা ব্যৱহাৰ কৰিলেহে মিচিং ভাষা জীয়াই থাকিব বুলি কয়।
বিয়লি মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইদৰ সভাপতিত্ব কৰা আৰু সচিব ডিম্বেশ্বৰ দলেয়ে উদ্দেশ্য ব্যাখ্যা কৰা তথা পাঁচ সহস্ৰাধিক ভাষাপ্ৰেমী ৰাইজে উপস্থিত থকা মুকলি সভাত অভ্যৰ্থনা সমিতিৰ সভাপতি তথা মিচিং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰাজু মেদকে উদ্বোধনী ভাষণ আগবঢ়াই জাতীয় চেতনা থকা কোনো জাতিয়ে ভাষা-সাহিত্য, সংস্কৃতি হেৰুৱাই নেপেলাই বুলি মন্তব্য কৰি মিচিং ৰাইজে মিচিং মাতৃভাষা জীয়াই ৰাখিব লাগিব বুলি মন্তব্য কৰে। মিচিং আগম কেবাঙৰ সহকাৰী সম্পাদক ডাঃ অনিল কুমাৰ পেগুৱে আঁত ধৰা সভাত মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কয়- মিচিং ভাষা এক স্বকীয় আৰু চহকী ভাষা। মিচিং ৰাইজে প্ৰজন্ম প্ৰজন্ম ধৰি মিচিং ভাষাটো জীয়াই ৰাখিছে কিন্তু আধুনিকতা ধামখুমিয়াত পৰি ভাষাটো বিপন্ন হৈছে। ভাষা, কৃষ্টি-সংস্কৃতি হেৰুৱালে জাতিয়ে পৰিচয় হেৰুৱাই পেলায় বুলি মন্তব্য কৰি মিচিং ৰাইজে শুদ্ধ ৰূপত ব্যৱহাৰ কৰি মিচিং ভাষাটোক জীয়াই ৰাখিবলৈ তেওঁ আহ্বান জনায়।  

ইপিনে সভাত খিলঞ্জীয়া সাহিত্য সভা, অসমৰ সম্পাদক কমলাকান্ত মুছাহাৰীয়ে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি চৰকাৰে মিচিং, ৰাভা, তিৱা আৰু দেউৰী আদি জনজাতীয় ভাষাক শিক্ষাৰ মাধ্যমেৰে হিচাপে প্ৰৱৰ্তনৰ সিদ্ধান্তক উল্লেখ কৰি মাতৃভাষা জীয়াই ৰখাৰ ক্ষেত্ৰত চৰকাৰতকৈ ৰাইজৰ ভূমি অধিক বুলি মন্তব্য কৰি বিশ্বৰ সকলো মাতৃভাষা জীয়াই থকাৰ অধিক সুৰক্ষিত কৰিবলৈ দাবী উত্থাপন কৰে। মিচিং আগম কেবাঙৰ সভাপতি গোবিন্দ টাইদে নিজৰ ভাষণত মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে প্ৰৱৰ্তনৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষা মন্ত্ৰী ডা: ৰণোজ পেগু ধন্যবাদ জনায়। 
তদুপৰি মুকলি সভাত মিচিং স্বায়ত্তশাসিত পৰিষদ অধ্যক্ষ সুনীল কুমাৰ পেণ্ড, কাৰ্যবাহী সদস্য নৰেশ কুম্বাং, মিচিং বানে কেবাঙৰ উপ-সভাপতি গিৰিন মৰাং, মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব তথা মুর্কংচেলেক কলেজৰ অধ্যক্ষ ড° দীপক কুমাৰ দলে, টি এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাং, টি এম এম কেৰ সভানেত্ৰী গীতাঞ্জলী বৰি পাতিৰ, সমাজকৰ্মী ৰাসেশ্বৰ পায়েং, ধেমাজি জিলা পৰিষদৰ জোনাই সমষ্টিৰ সদস্য অতুল পেগু, টি এম এম কেৰ সম্পাদিকা শর্মিলা পায়েং পেগু, মিচিং আগম কেবাঙৰ উপ- সভাপতি  ৰবীন পিতিৰ, গোবিন্দ নৰহ, অভ্যৰ্থনা সমিতিৰ সম্পাদক তুলৰাম মৰাং, জীপেন দলে, মিচিং দৃৰবৃ কেবাঙৰ সভাপতি অশ্বিনী দলে, সম্পাদক প্ৰশান্ত বৰি, মিচিং আগম কেবাঙৰ সহকাৰী সম্পাদক ডাঃ অনিল কুমাৰ পেগু, সহকাৰী সম্পাদক ডাঃ ঘনকান্ত দলে, সহকাৰী সম্পাদক হৰিকান্ত পেগু, সুৰজিত দলে, নীম পেগু, দীপ শিখা দলে, অংকিতা পেগু, প্ৰবীন দলে আদিৰ লগতে বহু অতিথিয়ে উপস্থিত থাকে।

ইপিনে সভাত মিচিং আগম কেবাঙৰ প্ৰাক্তন সভাপতি তথা বিশিষ্ট লেখক ডা: বিদ্যেশ্বৰ দলেক  ‘আগম মিগাং টাবুৰাম টাইদ সাহিত্য জীৱনজোৰা সাধনা বঁটা প্ৰদান কৰাৰ লগতে 50 হেজাৰ টকাৰ চেক দিয়ে। তদুপৰি সভাত মিচিং আগম কেবাঙৰ প্ৰাক্তন সচিব তথা অসম চৰকাৰৰ সাহিত্য পেঞ্চনাৰ কালিনাথ পাংগিঙক বিশেষ সম্বৰ্ধনা জনোৱা হয়। সভাত মিচিং আগম কেবাঙৰ কেলেণ্ডাৰ লগতে দেৱ পাংগিঙৰ 'মিচিং ৰৌঙাম ইৰই' শীৰ্ষক গ্ৰন্থ এখন উন্মোচন কৰা হয়। 


No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib