Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

 জোনাই: 01 নবেম্বৰ:- ভাৰতৰ নিৰ্বাচন আয়োগৰ নিৰ্দেশ অনুসৰি 114 নং জোনাই (অনুসূচীত জনজাতি সংৰক্ষিত) বিধানসভা সমষ্টিত আজি জিলা নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ে খচৰা ভোটাৰ তালিকা প্ৰকাশ কৰে। জোনাই মহকুমাধিপতি তথা জিলা নিৰ্বাচনী বিষয়া প্ৰদীপ কুমাৰ দ্বিবেদীয়ে আজি তেওঁৰ কাৰ্যালয়ৰ সভা কক্ষত এক সংবাদমেল আয়োজন কৰি সদৰী কৰামতে খচৰা ভোটাৰ তালিকাখন ৰাইজৰ পৰিদৰ্শনৰ বাবে জোনাই নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ কাৰ্যালয়ৰ লগতে সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া, বুথ পৰ্যায়ৰ বিষয়া আৰু সংশ্লিষ্ট ভোটাৰ কেন্দ্ৰসমূহত ৰখা হৈছে। 
আজি প্ৰকাশ কৰা বিশেষ সংৰক্ষিত সংশোধন 2022 ভোটাৰ তালিকামতে জোনাই বিধানসভা সমষ্টিত সৰ্বমুঠ ভোটাৰ সংখ্যা 3,11,972 গৰাকী। ইয়াৰে পুৰুষ ভোটাৰ 1,58,348 আৰু মহিলা ভোটাৰ 1,53,624 গৰাকী। 352 টা ভোট কেন্দ্ৰ বিশিষ্ট জোনাই বিধানসভা সমষ্টিত এই বিশেষ সংৰক্ষিত সংশোধনী কালত 3,788 গৰাকী ভোটাৰ বৃদ্ধি পাইছে। জোনাই মহকুমা চক্ৰ বিষয়া তথা ভাৰপ্ৰাপ্ত নিৰ্বাচনী বিষয়া ঋতুপল্লৱ বৰুৱা আৰু সহকাৰী আয়ুক্ত নয়নজ্যোতি দত্তই উপস্থিত থকা সংবাদমেল জোনাই মহকুমাধিপতিয়ে জানিব লৈ দিয়ামতে আজিৰ পৰা 30 নৱেম্বৰ ভিতৰত জোনাই বিধানসভা সমষ্টিৰ ভোটাৰ ৰাইজে নিজৰ ভোট কেন্দ্ৰৰ সংশ্লিষ্ট বি এল অ' বা ডেজিগনেটেত বিষয়াক লগ ধৰি বিশেষ সংৰক্ষিত সংশোধন-2022 ভোটাৰ তালিকাত নিজৰ নাম শুদ্ধভাৱে সন্নিৱিষ্ট হৈ থকাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়। তদুপৰি 1 জানুৱাৰী, 2022 চনত 18 বছৰ সম্পূৰ্ণ হোৱা নতুন ভোটাৰকো ভোটাৰ তালিকা নিজৰ নাম সন্নিবিষ্ট কৰিবলৈ আহ্বান জনায়। সেইমতে ভোটাৰ ৰাইজে 6 নং প্ৰ পত্ৰৰ দ্বাৰা নতুন নাম অন্তৰ্ভুক্ত কৰা, 7 নং প্ৰ পত্ৰৰ দ্বাৰা নাম কৰ্তনৰ বাবে, 8 নং প্ৰ পত্ৰৰ দ্বাৰা শুধৰণিৰ বাবে, 8 (ক) নং প্ৰ পত্ৰৰ দ্বাৰা একে সমষ্টিৰ ভিতৰত নাম স্থানান্তৰৰ বাবে আৰু 6 (ক) নং প্ৰ পত্ৰৰ দ্বাৰা অভাৰচিচ ইলেক্টৰৰ বাবে (বিদেশত থকা ভোটাৰ) আবেদন কৰিব পাৰিব। ইপিনে এমাহজোৰা এই বিশেষ সংৰক্ষিত সংশোধনীত 30 নৱেম্বৰলৈ দাবী, আপত্তি, শুধৰণি আদি প্ৰ পত্ৰ গ্ৰহণ কৰাৰ পিছত 20 ডিচেম্বৰত দাবী, আপত্তি নিষ্পত্তি কৰিব আৰু অহা বছৰৰ 5 জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰিব।

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib