Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

 
 জোনাই 2 নৱেম্বৰ : 
      জোনাই-মুৰ্কংচেলেক অঞ্চলৰ শিক্ষাৰ বাটকটীয়া, বিশিষ্ট শিক্ষাবিদ, গৌৰৱোজ্জ্বল সোণালী জয়ন্তী গৰকা জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ টাকাব চন্দ্ৰ মেদকৰ 21 সংখ্যক মৃত্যু তিথি উপলক্ষে আজি স্মৃতিচাৰণ সভা এখন অনুষ্ঠিত কৰা হয়। টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ উদ্যোগত জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অৱস্থিত টাকাব চন্দ্ৰ মেদকৰ প্ৰতিমূৰ্তি চৌহদত স্মৃতিচাৰণ সভাখন অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱাৰ ভাগতে টাকাব চন্দ্ৰ মেদকৰ প্ৰতিমূৰ্তিত যজ্ঞেশ্বৰ মেদক আৰু জন্মেজয় মেদকৰ দ্বাৰা বন্তি প্ৰজ্বলন আৰু পুষ্প মাল্যাৰ্পণৰ পিছত উজনি বিজয়পুৰ দঃঞি-পল য়েলাম কেবাং আৰু ফাগুণী মেদক সোঁৱৰণী শংকৰদেৱ বিদ্যা নিকেতন ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা সমূহীয়া প্ৰাৰ্থনাৰে কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। 
ইয়াৰ পিছত টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সভাপতি ড0 হৰকান্ত পেগু পেগুৰ সভাপতিত্বত স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ সাধাৰণ সম্পাদক ৰয়েল পেগুৱে উদ্দেশ্য ব্যাখ্যা কৰা তথা পৃষ্ঠপোষক হৰি প্ৰসাদ মিলিয়ে আদৰণি ভাষণ দিয়া সভাত মুখ্য অতিথি হিচাপে জোনাই মহকুমাধিপতি প্ৰদীপ কুমাৰ দ্বিবেদীয়ে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ শৈক্ষিক জাগৰণৰ সপোনক সাৰ্থক কৰিব পাৰিলেহে তেওঁক প্ৰকৃতাৰ্থত স্মৰণ কৰা হ'ব বুলি মন্তব্য কৰে। তদুপৰি সভাত নিৰ্দ্দিষ্ট বক্তা লাইমেকুৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তোষেশ্বৰ আগৰৱালাই নিজৰ ভাষণত টাকাব চন্দ্ৰ মেদক কেৱল এগৰাকী ব্যক্তি নহয়, এটা অনুষ্ঠান বুলি উল্লেখ কৰি তেখেতৰ জীৱন আদৰ্শক নতুন প্ৰজন্মৰ মাজলৈ কঢ়িয়াই নিব লাগিব বুলি মন্তব্য কৰে। 
অঞ্জনা টায়ুং শইকীয়াই আঁত ধৰা সভাত শিক্ষা তথা সমাজ জীৱনলৈ অনবদ্য অৱদান আগবঢ়োৱাৰ বাবে বিশিষ্ট নাগৰিক দুৰ্গা ৰেগন, ৰাসেশ্বৰ পায়েং, অৱসৰপ্ৰাপ্ত শিক্ষক নখেশ্বৰ পাৱ, নবীন গগৈক বিশেষ সম্বৰ্ধনা জনোৱা হয়। তদুপৰি টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসৰ প্ৰতিষ্ঠাপক সদস্য প্ৰয়াত দ্ৰোণ কান্ত পেগুক মৰণোত্তৰভাৱে সম্বৰ্ধনা জনোৱা হয়।

ইপিনে সম্বৰ্ধনা গ্ৰহণ কৰি অৱসৰপ্ৰাপ্ত শিক্ষক নবীন গগৈয়ে নিজৰ ভাষণত টাকাব চন্দ্ৰ মেদক স্মৃতি ন্যাসে বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ আদৰ্শক জীয়াই ৰাখি নৱ প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে লোৱা পদক্ষেপক আন্তৰিক শলাগ জনায়। 
স্মৃতিচাৰণ সভা বিশিষ্ট অতিথি হিচাপে ক্ৰমে জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ প্ৰতাপ চন্দ্ৰ পাৱ, চিমেন চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শশীন দলে, জোনাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ পৰমানন্দ দাৰিক, অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হলিৰাম পেগু, যশস্বী শিল্পী তৰাৱতী মিলি বৰি, জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ অধ্যক্ষ তথা ন্যাসৰ উপ-সভাপতি ৰাজেশ্বৰ পেগু, ন্যাসৰ পৃষ্ঠপোষক শান্তনু মেদক আদিয়ে অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট শিক্ষাবিদ টাকাব চন্দ্ৰ মেদকৰ জীৱন আৰু আদৰ্শক শ্ৰদ্ধাৰে স্মৰণ কৰি মেদকদেৱে গুণগত শিক্ষাৰ ওপৰত অতিকৈ গুৰুত্ব দিছিল বুলি মন্তব্য কৰে।

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib