Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]

জোনাই ২১ ডিচেম্বৰ::
"পাহাৰী ৰাণী হিচাপে পৰিচিত অৰুণাচল প্ৰদেশৰ পূৱ চিয়াং জিলাৰ পাচিঘাটৰ চিয়াং নদীৰ পাৰত অনুষ্ঠিত হৈছে চিয়াং নদী উৎসৱ ৷কালিৰে পৰা দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে পাচিঘাটৰ চিয়াং নদীৰ পাৰৰ ৰানাঘাটত অনুষ্ঠিত হৈছে চিয়াং নদী উৎসৱ(Siang River Festival at Pasighat) ৷ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে চলি থকা 'আজাদি কা অমৃত' মহোৎসৱৰ লগত সংগতি ৰাখি নদী সমূহক পুণৰ উজ্জীৱিত কৰা, মুক্তি যুঁজাৰু সকলৰ সোঁৱৰণ আৰু অৰুণাচলৰ সংস্কৃতিক বিশ্বৰ সন্মুখত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হৈছে চিয়াং নদী উৎসৱ৷ সোমবাৰৰ প্ৰথম দিনাৰ কাৰ্যসূচীত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে চিয়াং নদীৰ নিৰ্মল পানীৰে হাত ধুই দঃঞি পঃল ধৰ্মীয় পৰম্পৰাৰে পূজা অৰ্চনা কৰি মুকলি কৰে চিয়াং নদী উৎসৱ অনুষ্ঠানৰ৷ শিল্পী ডেলং পাদুনৰ আৰম্ভণি গীতেৰে আৰম্ভ হোৱা চিয়াং নদী উৎসৱৰ মুকলি সভাত ইষ্ট চিয়াং জিলাৰ উপায়ুক্ত ড৹ কিন্নি সিঙে শুভাৰম্ভি ভাষণ আগবঢ়োৱা মুকলি সভাত অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ উপৰিও উপস্থিত থাকে অৰুণাচলৰ উপ-মুখ্যমন্ত্ৰী চাওনা মিন, ব্ৰহ্মপুত্ৰ বৰ্ডৰ অধ্যক্ষ ৰাজীৱ যাদৱ,ইষ্ট চিয়াং ৩৮ নং বিধান সভা সমষ্টিৰ বিধায়ক কালিং ময়ঙৰ লগতে ৰাজ্যখনৰ কেইবাজনো মন্ত্ৰী- বিধায়ক৷ ইফালে তিব্বতৰ পৰা বৈ চিয়াং নদীৰ ওপৰত অৰ্থাৎ তিব্বতৰ য়াৰলুং চাংপু নদীত চীনে প্ৰায় ৬০ হাজাৰ মেগাৱাটৰ এক জলবিদ্যুত প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্তই অৰুণাচলকে ধৰি চিয়াং নদীৰ নামনি অংশত থকা অসম,বাংলাদেশৰ বাবে ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিব বুলি মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে কয় আৰু মূলতঃ চীনৰ পৰা বৈ অহা নদীবান্ধৰ পানীয়ে অৰুণাচলত সৃষ্টি কৰা বান পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চিয়াঙৰ উৎপত্তিস্থলত নদীবান্ধ নিৰ্মাণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে মূখ্যমন্ত্ৰীগৰাকীয়ে ৷
 আনহাতে চীনে ইতিমধ্যে চিয়াঙৰ উৎপত্তিস্থল য়াৰলং চাংপোত বৃহৎ নদীবান্ধ নিৰ্মাণ কৰিবলৈ লোৱা সম্পূৰ্ণ তথ্য লাভ কৰিছে গতিকে অতি সোনকালে অৰুণাচলৰ সকলো বিধায়ক তথা আদি বাঃনে কৌবাঙ(এবিকে)ক এখন কমিটি গঠন কৰি দিল্লীলৈ গৈ কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনাত বহিব লাগে বুলি কয়৷  
লগতে অৰুণাচলৰ আত্মসহায়ক গোট সমূহৰ কামক প্ৰশংসা কৰি উৎপাদনমুখী আৰু সৃষ্টিশীল কৰ্মত আত্মনিয়োগ হ'বলৈ গোট সমূহৰ প্ৰতি আহ্বান জনায়।
 ইফালে চিয়াং নদীৰ ওপৰত চিয়াং নদী উৎসৱৰ প্ৰথম দিনাৰ সন্ধিয়া আদী জনগোষ্ঠীৰ নৃত্যৰ উপৰিও চাৰিখন ৰাজ্যৰ , বড়ো, ত্ৰিপুৰা, মিজোৰাম, মেঘালয়ৰ, আৰু মনিপুৰ ৰাস নৃত্যৰে মুখৰিত হৈ পৰে অৰুণাচলৰ পাচিঘাটৰ ৰাণাঘাট।

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib