Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]


 জোনাই 27 জুন : ধেমাজি জিলা সাংবাদিক সংস্থাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এখন দেওবাৰে জোনাই ঙাচাৰচুক উকোমত জোনাই প্ৰেছ ক্লাৱৰ আতিথ্যত অনুষ্ঠিত কৰা হয়। ধেমাজি জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰে সভাপতি কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সাধাৰণ সম্পাদক জীৱন কোঁৱৰে। জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে আঁত ধৰা সভাত জ্যেষ্ঠ সাংবাদিক দিলীপ কুমাৰ হাজৰিকা,  অশ্বিনী দুৱৰা, মৃদুপবন চুতীয়াৰ লগতে ধেমাজি জিলা সাংবাদিক সংস্থা আৰু জিলাখনৰ ধেমাজি, জোনাই, গোগামুখ, মাছখোৱা আৰু চিলাপথাৰ প্ৰেছ ক্লাৱৰ সভাপতি-সম্পাদকসহ 33 গৰাকী সাংবাদিকে উপস্থিত থাকে।
সভাত ধেমাজি জিলা সাংবাদিক সংস্থাই পৰৱৰ্তী সময়ত ৰূপায়ণ কৰিবলগীয়া বিভিন্ন কাৰ্যসূচী আৰু সাংগঠনিক দিশৰ লগত সাংবাদিকসকলে সন্মুখীন হোৱা বিভিন্ন সমস্যা সন্দৰ্ভত বিতংভাৱে আলোচনা কৰা হয়। তদুপৰি সভাত দুৰ্নীতি আৰু অনুসন্ধানমূলক বাতৰিৰ লগতে পৰিবেশ সংৰক্ষণৰ বাতৰি গুৰুত্ব সহকাৰে পৰিবেশন কৰাৰ ওপৰত আলোচনা কৰি কেইবাটাও প্ৰস্তাৱ গ্ৰহণ কৰে। 
সভাত বিশেষকৈ ৰাজ্য চৰকাৰে স্বীকৃতি দিয়া সাংবাদিকসকলৰ মাহেকীয়া পেঞ্চন 30 হেজাৰ টকালৈ বৃদ্ধি কৰা, কৰ্মৰত সাংবাদিকৰ মৃত্যু হ'ল নিকটৱৰ্ত্তী আত্মীয়ক 15 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা, সাংবাদিকৰ সন্তানৰ উচ্চ শিক্ষাৰ বাবে যেনে ইঞ্জিনিয়াৰিং, চিকিৎসা বিজ্ঞান, বিশ্ববিদ্যালয়ত অধ্যয়ন বাবে ৰাজ্যিক ভিত্তিত আসন সংৰক্ষণ কৰা, ধেমাজি জিলাৰ সাংবাদিকসকলৰ জীৱনপঞ্জী প্ৰণয়ন কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। 
তদুপৰি সভাই সাংবাদিকসকলৰ বিপদৰ সময়ত সহায়ৰ বাবে 'ধেমাজি জিলা সাংবাদিক ন্যাস' এখন গঠন কৰি ন্যাসৰ জিলা সাংবাদিক সংস্থাৰ সভাপতি প্ৰেমানন্দ তালুকদাৰ সভাপতি, জিলা সাংবাদিক সংস্থাৰ সাধাৰণ সম্পাদক জীৱন কোঁৱৰক সম্পাদক আৰু ক্ৰমে বিজন শৰ্মাৰ, দিব্যজ্যোতি বৰগোহাঁই, মিণ্টু শইকীয়া, দেৱকান্ত দেউৰী, ভাস্কৰজ্যোতি টায়েঙক সদস্য হিচাপে মনোনীত কৰে। 
ইপিনে সভাই প্ৰশাসনিক গাঁথনিৰ সুবিধা আৰু ৰাইজৰ সেৱা আৰু উন্নয়নৰ গতি ত্বৰান্বিত কৰিবলৈ ধেমাজি জিলা সীমান্তৱৰ্তী জোনাইৰ মহকুমাক জিলা হিচাপে ঘোষণা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই আন এক প্ৰস্তাৱ গ্ৰহণ কৰে। 
আনহতে সভাৰ পিছত জিলিখনৰ সাংবাদিকসকলে বৰ্ষাৰণ্য পবা সংৰক্ষিত বনাঞ্চলৰ লেকু বীটত লেকু, বাৰ মাইল এলেকা পৰিদৰ্শন কৰি জীৱ-বৈচিত্ৰতাৰ ভঁৰাল পবা সংৰক্ষিত বনাঞ্চলক শীঘ্ৰে ৰাষ্ট্ৰীয় অভয়াৰণ্য হিচাপে ঘোষণা কৰিবলৈ দাবী জনায়। 

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib