Full width home advertisement

Travel the world

Climb the mountains

Post Page Advertisement [Top]













সদৌ অসম কবি সন্মিলনৰ 



জোনাই শাখা কবি সন্মিলন গঠন

 জোনাই  29/08/2022 :-----
ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক মহাবিদ্যালয়ৰ আভ্যন্তৰীণ গুণগত মান নিৰূপক কোষৰ সৌজন্যত আৰু জোনাই প্ৰেছ ক্লাৱৰ সহযোগত আজি সদৌ অসম কবি সন্মিলনৰ "কবিতাৰ দিন" শীৰ্ষক কাব্যানুষ্ঠান এখন অনুষ্ঠিত কৰা হয়। মুৰ্কংচেলেক মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা কাব্যানুষ্ঠানখন মহাবিদ্যালয়খনৰ ছাত্ৰীসকলৰ এটি সমবেত গীতেৰে শুভাৰম্ভ কৰা হয়। 
কাব্যানুষ্ঠানত জগন্নাথ বৰুৱা মহাবিদ্যালয় অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক বিশিষ্ট লেখক, ড0 মাণিক শইকীয়াই অতিথি হিচাপে অংশগ্ৰহণ কৰি জ্যেষ্ঠসকলৰ পৰা নতুন প্ৰজন্মলৈ জ্ঞান চিৰ প্ৰবাহিত হৈ আছে বুলি উল্লেখ কৰি অসমীয়া কবিতাক বিশ্বমুখী কৰি তোলাৰ আহ্বান জনায়। 
সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক উজ্জ্বল পাৱেগামে কবিতাক অধিক জনপ্ৰিয় আৰু জীৱনমুখী কৰিবলৈ অসমৰ চাৰিও কোণে 'কবিতাৰ দিন ভ' পালন কৰি অহা বুলি মন্তব্য কৰে। 
ধেমাজি জিলাৰ অতিৰিক্ত উপায়ুক্ত তথা 'চহা জীৱনৰ কবি' হিচাপে পৰিচিত কবি উৎপল দলেয়ে কবিসকল সুক্ষ্ম অনুভূতি প্ৰৱণ বুলি উল্লেখ কৰি কবিতাই জীৱনক উপলব্ধি কৰিবলৈ শিকাই আৰু জ্ঞানে মানুহক প্ৰকৃত বাট দেখুৱাই বুলি মন্তব্য কৰে। 
জোনাই প্ৰেছ ক্লাৱৰ সভাপতি ৰয়েল পেগুৱে উদেশ্য ব্যাখ্যা কৰি কবিতা সমাজ ৰূপান্তৰ এক শক্তিশালী মাধ্যম বুলি উল্লেখ কৰি কয়- কবিসকলে উৎকৃষ্ট কাব্য সৃষ্টিৰে এখন সুস্থ প্ৰগতিশীল সমাজ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। লগতে পেগুৱে কয়- কবিসকল গভীৰ জীৱনবোধ সম্পন্ন। কবিয়ে জীৱনৰ গভীৰ উপলব্ধি, নিৰীক্ষণ, পৰ্যবেক্ষণ আৰু সাধনাৰে বহু মৌলিক তথা উৎকৃষ্ট কবিতা সৃষ্টিৰে মানৱতাৰ জয় গান গাই আহিছে। সীমান্তৱৰ্তী জোনাইতো কাব্য চৰ্চাৰ উৰ্বৰা পথাৰ আছে বুলি উল্লেখ কৰি সদৌ অসম কবি সন্মিলনৰ 'কবিতা দিন' শীৰ্ষক কাব্যানুষ্ঠানে কবিতাক অধিক জনপ্ৰিয় কৰিব বুলি মন্তব্য কৰে। 
মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অধ্যক্ষ ড0 দীপক কুমাৰ দলেয়ে আঁত ধৰা অনুষ্ঠানত মুৰ্কংচেলেক মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কবি জয়কুমাৰ দলে, বিশিষ্ট কবি তোষেশ্বৰ আগৰৱালা, সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি ৰাজুমণি বেজবৰুৱা, উৎপল দলে, অচ্যুত বৰা, উজ্জ্বল পামেগাম, ড0 প্ৰান্তিক শৰ্মা, পল্লৱী হাজৰিকা দলে, ব্লেচী কাশ্যপ, বিজয় বৰি, ৰিংকমণি বৰশইকীয়া, ৰয়েল পেগু, উজ্জ্বল লাগাছু, পবিৰ্কা শৰ্মা, মলয়া কুটুম, ড0 দীপক কুমাৰ দলে আদিয়ে কবিতা পাঠ কৰে। তদুপৰি অনুষ্ঠানত বহু কাব্যপ্ৰেমীয়ে উপস্থিত থাকে।

ইপিনে সভাত তোষেশ্বৰ আগৰৱালাক সভাপতি, ৰয়েল পেগু, পল্লৱী হাজৰিকা দলেক উপ-সভাপতি, ড0 প্ৰান্তিক শৰ্মাক সাধাৰণ সম্পাদক, বিজয় বৰি, প্ৰদীপ গগৈক সহকাৰী সম্পাদক,  ৰিংকমণি বৰশইকীয়া গায়ত্ৰী দেবীক সদস্য আৰু ড0 দীপক কুমাৰ দলে, জয় কুমাৰ দলে, মাধৱ পাৱক উপদেষ্টা হিচাপে হৈ সদৌ অসম কবি সন্মিলনৰ জোনাই শাখা সমিতি গঠন কৰা হয়। 

জোনাই  29/08/2022

No comments:

Post a Comment

say somethings

Bottom Ad [Post Page]

| Designed by Colorlib